Surprise Me!

অসম বিধানসভা নিৰ্বাচন ২০২৬ : ৪২ নং বাক্সা সমষ্টিত মনোনয়ন দাখিল ৰাকেশ ব্ৰহ্মৰ

2026-03-20 43 Dailymotion

বাক্সা: ৪২নং বাক্সা সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল ৰাকেশ ব্ৰহ্মৰ ৷ হাজাৰ-হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে মুছলপুৰৰ দুৰ্গা মন্দিৰত ৰাইজৰ সমৰ্থন আহ্বান কৰে প্ৰাৰ্থীগৰাকীয়ে । ইয়াৰ পিছতে ৰাকেশ ব্ৰহ্মই দুৰ্গা মন্দিৰৰ পৰা সমদলৰে বাক্সাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত ব্ৰহ্মক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৰ লগতে ইউ পি পি এলৰ দলীয় নেতা-কৰ্মীসকলে ৷ বাক্সা সমষ্টিত ইউ পি পি এলৰ বিজয় নিশ্চিত বুলিও দাবী কৰে ৰাকেশ ব্ৰহ্মই ।

তদুপৰি প্ৰাৰ্থিত্ব নাপাই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিবলৈ সাজু হোৱা হিতেশ বসুমতাৰীক শুভেচ্ছা জনাই প্ৰাৰ্থীগৰাকীয়ে সদ্য দলত্যাগী বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: অসম বিধানসভা নিৰ্বাচন ২০২৬ঃ একেখন মুখে আমনি কৰিছে; পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ সুনীল চেত্ৰী

Buy Now on CodeCanyon